বাক্সাত অবৈধ গৰুৰ চোৰাং ব্যৱসায়৷আৰক্ষীৰ জালত 17 টা গৰুসহ, দুখন গাড়ীসহ চাৰিজন অবৈধ গৰু সৰবৰাহকাৰীক আটক ৷

বাক্সাত অবৈধ গৰুৰ বৃহত চোৰাং ব্যৱসায়৷ চৰকাৰে অবৈধ গৰুৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিছতো এতিয়াও অব্যাহত আছে গৰুৰ সৰবৰাহকাৰী ৷পুৱতিনিশা জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা গৰু অবৈধ গৰু সৰবৰাহ কৰা থকাৰ সময়তে বৰমা আৰক্ষীয়ে তালাচী চলোৱাত সৰু ডাঙৰ মিলি মুঠ 17 টা গৰু,দুখন গাড়ীসহ চাৰিজন অবৈধ গৰু সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয়৷অবৈধ গৰু সৰবৰাহকাৰী চাৰিজন ক্ৰমে আনচাৰ আলী,মইনুল হুছেইন, মইদুল আলি,ইমৰান হুছেইন৷ আৰু গাড়ীৰ নম্বৰ ক্ৰমে As-14AC-0210, As-25cc-3696 ৷আটাইকেইটা গৰু জিলাখনৰ বাহিৰলৈ নিয়াৰ সময়ে বৰমা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷বৰ্তমান গৰু সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷উল্লেখ যে দীৰ্ঘদিন ধৰি এনেদৰে বাক্সাত অবৈধ গৰুৰ সৰবৰাহ হৈ অহাৰ লগতে বহু পৰিয়ালৰ গৰু চোৰ হৈ আহিছে৷