ভৱিষ্যতে প্ৰয়োজন হ'লে আনন্দ শৰ্মাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চাকৰিও দিব: উপাচাৰ্য ড° জিতেন হাজৰিকাৰ মন্তব্য

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ডৰ বলি হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজি থকা আনন্দ শৰ্মাৰ চিকিৎসা আৰু ভৱিষ্যতৰ দায়িত্ব ল’ব ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। ভৱিষ্যতে প্ৰয়োজন হ'লে আনন্দ শৰ্মাক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চাকৰিও দিব।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আনন্দ শৰ্মাৰ পৰিয়াল আৰু চিকিৎসকৰ সৈতেও মত বিনিময় কৰে। উপাচাৰ্য ড° জিতেন হাজৰিকাই জানিবলৈ দিয়ে যে,বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত কোনো লোক সাৰি নাযাব।

হোষ্টেলৰ তিনিওজন ৱাৰ্ডেন ক্ৰমে দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাক হুছেইনক অব্যাহতি দিয়া হৈছে।আনন্দ শৰ্মাৰ চিকিৎসাৰ লগতে ভবিষ্যতৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, ভৱিষ্যতে প্ৰয়োজন হলে আনন্দ শৰ্মাক চাকৰিও দিব বুলি উল্লেখ কৰি উপাচাৰ্য ড° জিতেন হাজৰিকাই নিজেও ব্যক্তিগতভাৱে সহায়ৰ হাত আগবঢ়াব বুলি মন্তব্য কৰে।