মাইবেলাত ফুটবল প্ৰতিযোগিতা আৰম্ভ
ৰাজ্যিক ফুটবল খেলুৱৈ প্ৰয়াত দুলু বকলিয়াল আৰু ৰূপজ্যোতি বৰাৰ সোঁৱৰণত আজিৰে পৰা লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ খেলপথাৰত আৰম্ভ হৈছে ট্ৰফী ও প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। লাকুৱা থাৰ্মেল ক্লাবৰ সৌজন্যত তথা মাইবেলাবাসী ৰাইজৰ সহযোগত আয়োজিত প্ৰতিযোগিতা খনিৰ আজিৰ উদ্বোধনী খেলত প্ৰতিদ্বন্দিতা কৰে টেঙাপুখুৰী ফুটবল ক্লাব আৰু বৰপাত্ৰ বাগিচা ফুটবল দলে। তীব্ৰ উত্তেজনাপূৰ্ণ খেল খনত ২-০ গলৰ ব্যৱধানত বৰপাত্ৰ বাগিচা ফুটবল দল জয়ী হয়। বিজয়ী দলৰ হৈ কৰণ বাগে প্ৰথম অৰ্ধৰ ২২ মিনিটত আৰু লুটু আলিয়ে দ্বিতীয় অৰ্ধৰ ৩৪ মিনিটত এটাকৈ গল কৰে। ইফালে আজি খেল আৰম্ভ হোৱাৰ পূৰ্বে তাপ বিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধক পৃথিছ ৰয় চৌধুৰী, উপ মহা প্ৰৱন্ধক যদুপ্ৰাণ বৰগোহাঁই, ক্ৰীড়া পেঞ্চনাৰ বিনন্দ ৰাজকোঁৱৰ, ক্ৰীড়া সংগঠক স্বপন কৰ আৰু দুয়ো গৰাকী প্ৰয়াত খেলুৱৈৰ আত্মীয়ক দুয়ো দলৰ খেলুৱৈ সকলৰ সৈতে পৰিচয় কৰি দিয়া হয়।