ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোঁহাঞি বৰুৱা হোষ্টেলত সংঘটিত ৰেগিঙৰ ঘটনা অতিকৈ দুৰ্ভাগ্যজনক বুলি কৈ অসম যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বনদ্বীপ দত্তই টুইটযোগে প্ৰতিক্ৰীয়া ব্যক্ত কৰি কয় যে শীঘ্ৰেই ৰাজ্যৰ শিক্ষানুষ্ঠানবোৰত এন্টি ৰেগিং স্কোৱাড মানে ৰেগিং প্ৰতিৰোধী দল অধিক সক্ৰিয় কৰাৰ বাবে দাবী জনায়।
শিক্ষানুষ্ঠানত সংঘটিত ৰেগিং সম্বন্ধীয় ঘটনাবোৰ দুৰ্ভাগ্যজনক বুলি আখ্যা দি অসম তৃণমূল কংগ্ৰেছে কয় যে ৰেগিং এক সামাজিক ব্যাধি আৰু এই ৰেগিঙে শিক্ষাৰ্থীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে। গতিকে ৰেগিং জাতীয় ঘটনাবোৰ প্ৰতিৰোধ কৰাৰ বাবে এন্টি ৰেগিং স্কোৱাডৰ প্ৰয়োজনীয়তা আছে।
আনহাতে অসম তৃণমূল যুৱ কংগ্ৰেছৰ লগতে দলটোৰ সমূহ নেতৃবৰ্গই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আহত ছাত্ৰ তথা ৰেগিঙৰ দ্বাৰা নিৰ্যাতিত শিক্ষাৰ্থী আনন্দ শৰ্মাৰ আশু আৰোগ্য কামনা কৰিছে।