বিশ্বনাথ আৰক্ষীৰ উদ্যোগত পোনপ্ৰথম বাৰৰ বাবে আন্ত: পুলিচ ষ্টেচন ফুটবল টুৰ্ণামেন্ট অনুষ্ঠিত হয়। তাৰে দ্বিতীয়খন খেল মংগলবাৰে গহপুৰৰ কনিবড়ি মিনি ষ্টেডিয়ামত গহপুৰ পুলিচ ষ্টেচন একাদশ বনাম হেলেম পুলিচ ষ্টেচন একাদশৰ মাজত অনুষ্ঠিত হৈ যায়।

বিয়লি ৩বজাৰ পৰা গহপুৰৰ কণিবড়ি ষ্টেডিয়ামত অনুষ্ঠিত খেলখন উদ্বোধন কৰে বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিঙে। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মন, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা।

আমন্ত্রিত অতিথি খেলখন উপভোগ কৰে গহপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰুৱা, পুষ্প কাকতি, ভূপেন বৰা আদিয়ে। গহপুৰৰ এছ ডি পি অ অমিত হোজাই আৰু গহপুৰ থানাৰ অ'চি সুশীল কুমাৰ দত্তই খেলখন সুচাৰুৰূপে পৰিচালনা কৰা সকলৰ লগতে খেলখন উপভোগ কৰি আৰক্ষীক উৎসাহিত কৰা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তীব্র উত্তেজনাপূর্ণ খেলখনত গহপুৰ থানা ৪-২গ'লৰ ব্যৱধানত বিজয়ী হয়।