ডবকাৰ ভেলৌগুৰিত চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত বাগৰিল চিমেন্ট ভৰ্তি এখন ট্ৰাক৷ 

গুৰুতৰভাবে আহত গাড়ী খনৰ চালক আৰু হেশণ্ডিমেন৷ খবৰ পায়েই ঘটনাস্থলিত ডবকা আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত আহত চালক বেণ্ডিমেনক উদ্ধাৰ কৰি ডবকাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ লৈ আনে৷ দুৰ্ঘটনাত পতিত হোৱা গাড়ী খনৰ নম্বৰ AS23CC 3515

গাড়ীখনে লংকাৰ ডালমিয়া চিমেন্টৰ পৰা চিমেন্ট লোড কৰি ডিব্ৰুগড় অভিমুখে গৈ আছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ বিসংগতিৰ বাবেই ট্ৰাক খন দুৰ্ঘটনাত পতিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷