পশ্চিম দৰঙৰ কটাহীত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

 কটাহী ৰাইজঘাটত ডেকাগিৰি আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত মুক্তিযুঁজাৰু ৰমাকান্তু ডেকা সমন্বয় ক্ষেত্ৰত অহা বৰ্ষৰ ৩,৪ আৰু ৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঙ্ঘ,দৰং জিলা শাখাৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ব।

অধিবেশনৰ আদৰণি সমিতিয়ে উপসমিতি সমুহৰ জৰিয়তে ইতিমধ্যে সকলো প্ৰৰ্য্যায়ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে।

 অধিবেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে বিপুল উৎসাহেৰে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে ১০খন প্ৰাথমিকৰ আইমাতৃ, বাপবান্ধৱ তথা স্থানীয় ৰাইজ । 

দৰংজিলাৰ ভিন্নপ্ৰান্তৰ বাপবান্ধৱ,আই-মাতৃ,শিশু,যুৱক-যুৱতী প্ৰমুখ্যে বিপুল সংখ্যক ৰাইজক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি ।