আঁচনিৰ অধীনত উপলব্ধ সেৱাসমূহৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ বাবে সোণাৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিশেষ পদক্ষেপ। চৰাইদেউ জিলা প্ৰশাসন আৰু সোণাৰি ৰাজহ চক্ৰৰ সহযোগত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অভিলাসী আঁচনি "মিছন বসুন্ধৰা ১.০" -ৰ অধীনস্থ ১০ টা সেৱাৰ সুবিধা ইতিমধ্যে ৰাইজে গ্ৰহণ কৰিছে আৰু সেই আঁচনিৰ অধীনত সোণাৰি ৰাজহ চক্ৰৰ প্ৰায় ৫৫০০ ৰো অধিক গোচৰৰ সফল নিষ্পত্তি কৰা হৈছে। 

অসম চৰকাৰে ইতিমধ্যে যোৱা ১৪ নৱেম্বৰ তাৰিখে "মিছন বসুন্ধৰা ২.০" নামেৰে আঁচনি খনৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছে আৰু মাটি-বাৰী সম্পৰ্কীয় চৰকাৰী সুবিধাসমূহ অধিক জনমুখী কৰি তুলিবৰ বাবে পুনৰ ৬ টা সেৱাৰ সুবিধা লাভৰ বাবে অনলাইন যোগেদি আবেদন কৰিবলৈ ৰাইজলৈ আগবঢ়াই দিছে। সোণাৰি ৰাজহ চক্ৰৰ তৰফৰ পৰাও এই সুবিধাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ ইতিমধ্যে যোৱা ২৩ নৱেম্বৰ তাৰিখৰ পৰা অহা ৬ ডিচেম্বৰ তাৰিখলৈ সোণাৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহত ৰাজহ আদালত আৰু গাঁও সভা আয়োজন কৰিবলৈ লৈছে। এই আঁচনিৰ সবিশেষ স্থানীয় গাঁও প্ৰধানৰ সহযোগত অনুভাষ যন্ত্ৰ (Mike) ৰ যোগেদি গাঁওসমূহত প্ৰচাৰ চলোৱা হৈছে। 

ইয়াৰ উপৰিও আগন্তুক দিনত আঁচনিখনৰ বিষয়ে ব্যাপক জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰশাসনৰ উদ্যোগত বিভিন্ন ঠাইত বাটৰ নাট পৰিৱেশনৰ লগতে গাঁও সমূহত অনুভাষ যন্ত্ৰৰ মাধ্যমেৰেও প্ৰচাৰ চলোৱা হ'ব।

এইবাৰ দ্বিতীয় সংস্কৰণৰ মিছন বসুন্ধৰা আঁচনিৰ অধীনত উপলব্ধ সেৱাসমূহ হ'ল- সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিত পট্টন; দখলী স্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান; হস্তান্তৰিত একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন; গাঁৱলীয়া চৰণীয়া পথাৰ/বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আবন্টিত/সংস্থাপিত উপযুক্ত লোকক প্ৰদান; খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ আদি খেতিৰ বাবে ব্যৱহাৰ কৰি থকাৰ বাবে পট্টন; জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ পট্টন।

উল্লেখযোগ্য যে, এই সেৱা কেইটাৰ উপৰিও জনসাধাৰণে ইতিপূৰ্বে ৰূপায়ণ হৈ যোৱা মিছন বসুন্ধৰা ১.০ ৰ সেৱাসমূহ অসম চৰকাৰৰ অনলাইন পৰ্টেল rtps.assam.gov.in তো আবেদন কৰিব পাৰিব। সবিশেষ জানিবলৈ ৰাইজে সোণাৰি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব।