বেজেৰাত মুখ্যমন্ত্ৰ  সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ পশু পালন বিভাগৰ পৰিচালনাৰে বেজেৰা উন্নয়ন খণ্ডৰ অন্তর্গত ৭ খন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সদস্য সকলৰ উন্নত প্রশিক্ষণৰ বাবে  চতিয়া সমষ্টিৰ কন্যাকা কৃষি পামলৈ  পঠিওৱা হব। আজি তাৰে অংশ হিচাবে  বেজেৰা ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা প্রথম পর্যায়ৰ প্রশিক্ষণৰ বাবে চতিয়া সমষ্টিৰ কন্যাকা কৃষি পামলৈ ৬২ জন সদস্য প্ৰেৰণ কৰা হয়৷

২ দিনীয়া কৰ্মশালাত উপস্থিত থাকিবলৈ আজি পঠিওৱা ৬২ জনীয়া দলটোৰ যাত্ৰাৰ শুভাৰম্ভণী কৰে বেজেৰাৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক প্ৰাণজিৎ ডেকাই৷ মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে  গৰু, ছাগলী, গাহৰি পালনৰ উন্নত প্রশিক্ষণ দিয়া হব।

এই আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কার্যনিবাহক কিৰণ চন্দ্র কাকতি, প্ৰাক্তন ছাত্ৰনেতা বনজিৎ ডেকা, সমাজকর্মী তথা শিক্ষাবিদ ৰজনীকান্ত  তালুকদাৰ প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি৷ আজিৰ সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে বেজেৰা গাঁৱৰ গাঁও প্রধান  দণ্ডধৰ ভূঞায়।