দেওমৰনৈ পাতিদৰঙত বেচৰকাৰী সংস্থা "অগ্ৰসৰ"ৰ উদ্যোগত অনুষ্ঠিত হয় এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ।

বেচৰকাৰী সংস্থা অগ্ৰসৰ ৰ উদ্যোগত চেন্টাৰ ফৰ চাইট আই হস্পিটেলৰ সৌজন্যত পাতিদৰং প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰটি আজি অনুষ্ঠিত হয় । বৃহত্তৰ অঞ্চলটিৰ শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰা শিবিৰত চিকিৎসা প্ৰদান কৰে ডাঃ কিশোৰ পাল আৰু ডাঃ অংকিত অহিৰে। চিকিৎসা শিবিৰটিৰ বিভিন্ন দিশত সহযোগিতা আগবঢ়াই শিবিৰ তত্ত্বাৱধায়ক তাপস কুমাৰ ডেকা, কমল মজুমদাৰ, বনি,ইব্ৰাহিম, চাদ্দাম, বেচৰকাৰী সংস্থা "অগ্ৰসৰ"ৰ সভাপতি কুলদ্বীপ ভট্টাচাৰ্য্য আৰু সম্পাদক তন্ময় শাণ্ডিল্যই।