ফৰকাটিং হিন্দী বিদ্যালয়ৰ চৌহদত উদ্বাৰ হোৱা মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ফৰকাটিংত।

প্ৰায় ২২ বছৰীয়া যুৱকজনে এটা জিনস আৰু জেকেট পৰিধান কৰি আছিল। বৰ্তমান ফৰকাটিং আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি যুৱকজন প্ৰকৃত পৰিচয় সন্ধানত নামি পৰিছে। বাতৰি প্ৰেৰণ কৰা পৰ্যন্ত মৃত্যু প্ৰকৃত কাৰণ জানিব প.ৰা নাই।