আলফাৰ হৈ ধন দাবী কৰাৰ অভিযোগত নগা যুৱক ধৃত

চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তবৰ্তি নামতোলাত আলফা (স্বা)ৰ হৈ ধন দাবী কৰা এজন নগা যুৱকক আৰক্ষীয়ে   গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা নগা যুৱকজনৰ নাম টিংমন কণ্যা আৰু তেওঁৰ ঘৰ মন জিলাৰ টিজিত বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰৰ মতে নগা যুৱক জনক নামতোলা অঞ্চলৰ কেইবাজনো ব্যৱসায়ীৰ পৰা আলফাৰ বাবে ধন দাবী কৰি দাবী কৰা ধন আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল। বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।