আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি আৰু 'হৰ ঘৰ তিৰংগা' উপলক্ষে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত বিশ্বনাথ জিলা প্ৰশাসনে বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ছুটি ছবি নিৰ্মাণ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভাৰত চৰকাৰে সমগ্ৰ দেশতে উদযাপন কৰি থকা 'আজাদী কা অমৃত মহোৎসৱ’ আৰু 'হৰ ঘৰ তিৰংগা' বিষয়ৰ ওপৰত ৩ পৰা ৪ মিনিট দৈৰ্ঘ্যৰ ভিতৰত নিৰ্মাণ কৰা হ'ব লাগিব এই ছুটি ছবি। ইচ্ছুক ছবি নিৰ্মাতাই ১২ আগষ্ট, ২০২২ তাৰিখ বা তাৰ আগতে নিৰ্মাতাৰ নাম, ঠিকনা, মোবাইল নম্বৰসহ প্ৰতিযোগিতাৰ বাবে ছুটি ছবি সমুহ বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ত অথবা sdiprobnc@gmail.com ইমেইলৰ জৰিয়তে প্ৰেৰন কৰিব পাৰিব। নিৰ্বাচিত প্ৰতিযোগীক নগদ ধনেৰে পুৰষ্কৃত কৰা হ'ব। বিশ্বনাথ জিলা প্ৰশাসনে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে।
আজাদী কা অমৃত মহোৎসৱ’, 'হৰ ঘৰ তিৰংগা' বিষয়ক লৈ বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত ছুটি ছবি নিৰ্মাণ প্ৰতিযোগিতাৰ আয়োজন
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/08/nerity_9e27f410a4d9ddab208b69838d99d773.jpg)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)