ঔতলা ১৩ নবেম্বৰ:: বিগত বৰ্ষৰ ১৭ অক্টোবৰত বৃহত্তৰ ঔতলাৰ বাকৰিত আত্মপ্ৰকাশ কৰা মিলিজুলি আঞ্চলিক লোককৃষ্টি সাংস্কৃতিক দলৰ ১ম বৰ্ষপুৰ্তি অনুষ্ঠান এদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয়।১৩ নবেম্বৰত ঔতলাৰ দলগাওঁ স্হিত ১নং প্ৰাথমিক ভাগৱত মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত কাৰ্যসূচীত দলৰ পতাকা উত্তোলন কৰে দল পৰিচালক খিতেশ্বৰ ডেকাই। আনহাতে নামঘৰীয়া ৰমনী ডেকাই শৰাই নিবেদন কৰাৰ পিছতে বৃক্ষৰোপণ কাৰ্যসূচীত ভাগ লয় যোগীপাৰা গাঁওৰ গাওঁ প্ৰধান কিৰণময়ী ডেকা বড়াই। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা এককালীন সাহাৰ্য প্ৰাপ্ত বিশিষ্ট শিল্পী অতুল ভাগৱতীয়ে বন্তি প্ৰজ্বলন কৰে।‌

অসমীয়া প্ৰতিদিন কাকতৰ কলাইগাঁওৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়াই নিয়াৰিকৈ সঞ্চালনা কৰা সাংস্কৃতিক সমন্বয় সভা আৰু লোক শিল্পী গীতৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অসমৰ যুৱ প্ৰজন্মৰ জনপ্ৰিয় বিশিষ্ট কণ্ঠশিল্পী হিৰক চান ডেকাই। শ্ৰীডেকাই লোক সংস্কৃতিৰ পথাৰখন চহকী কৰিবলৈ সকলোৰে সহযোগিতা বাঞ্ছনীয় বুলি উল্লেখ কৰি বৃহত্তৰ ঔতলাৰ চহকী সাংস্কৃতিক ক্ষেত্ৰখনত অধিক কৰণীয় যে আছে সেয়া দৃঢ়তাৰে উদ্বোধনী ভাষণত প্ৰকাশ কৰে । আজিৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দৰংৰ চিয়া গীতৰ এগৰাকী সাধক অনাতাঁৰ আৰু দূৰদৰ্শনৰ বিশিষ্ট শিল্পী ভদ্ৰ কান্ত নাথ, ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰামৰ উপ-সভাপতি নৱজিৎ শৰ্মা,দৰঙী কলা কৃষ্টি উন্নয়ণ সংঘৰ প্ৰাক্তন সভাপতি গহীন চন্দ্ৰ চহৰীয়া, ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবীন্দ্ৰ নাথ ৰামচিয়াৰী , দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী তথা নাট্য কৰ্মী সাংস্কৃতিক সংগঠক ভদ্ৰ কান্ত হাজৰিকাৰ লগতে অঞ্চলৰ কেবাজনো বিশিষ্ট লোক।

জনাকীৰ্ণ সভাখনত স্হানীয় বাদ্যযন্ত্ৰী সকলৰ সহযোগিতাত কেবাজনো ন-পুৰণি সাংস্কৃতিক তথা লোকশিল্পীয়ে দৰঙৰ চহকী গীতমাত পৰিবেশন কৰি উপস্হিত ৰাইজৰ সমাদৰ লাভ কৰে। সহ:দলপৰিচালক মঃ জহুৰ আলি আহমেদে ৰাইজৰ সহযোগিতাই অনুষ্ঠানটি জীপাল কৰিলে বুলি মতপোষণ কৰে।