তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত ।

তিনিচুকীয়াৰ সুৱচনী পথৰ প্ৰকাশ দাস নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান তিনিচুকীয়া আৰক্ষীৰ ।

তিনিচুকীয়া সদৰ থানাৰ চহৰ পৰিদৰ্শক ভাষ্কৰ ৰাজ বৰুৱা সহ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত গোপন খৱৰৰ ভিত্তিত অভিযান চলাই ১৬.৩৪ গ্ৰাম ড্ৰাগছ সহ দুজনক আটক কৰে আৰক্ষীয়ে ।

প্ৰকাশ দাস নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো বাসগৃহৰ বাথৰোমত ড্ৰাগছৰ পেকেজিং কৰি থকাৰ সময়তে প্ৰকাশ দাস আৰু অমৃত দাস নামৰ দুজনক হাতে-লোটে ধৰে তিনিচুকীয়া আৰক্ষীয়ে ।

পৰবৰ্তী সময়ত দুয়োকে সদৰ থানালৈ লৈ অহাৰ লগতে অধিক তথ্যৰ সন্ধানত মাৰাঠন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ।