ঢকুৱাখনাৰ বৰ্ষামুখত সদৌ টাইদ অপৃন কেবাঙৰ লাই খুঁটা স্থাপন*

*ঐনিতম-গুমৰাগেৰে মুখৰিত টাবুৰাম টাইদ লত্তা*

 ঢকুৱাখনা মহকুমাৰ পশ্চিম প্ৰান্তত অবস্হিত বৰ্ষামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 

সদৌ টাইদ অপৃন কেবাঙৰ চতুৰ্থ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয় এক বৰ্ণিল পৰিৱেশত মাংগলিক কাৰ্যসূচীৰ মাজেদি। উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি নিজস্ব কৃষ্টি-সংস্কৃতি ৰক্ষা কৰি বসবাস কৰি অহা মিচিং জনগোষ্ঠীৰ অন্যতম ফৈদ টাইদ বংশৰ লোক সকলৰ মাজত সম্প্ৰীতি-

সদভাৱ আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ গঠিত হোৱা

উমৈহতীয়া সংগঠন সদৌ টাইদ অপৃন কেবাঙৰ চতুৰ্থ কেন্দ্ৰীয় অধিৱেশনখনি অহা ২০২৩ বৰ্ষৰ ২৭,২৮ আৰু ২৯ জানুৱাৰীত ঢকুৱাখনাৰ বৰ্ষামুখ অঞ্চলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।ইয়াৰ বাবে টাইদ অপৃন কেবাঙৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰায় ৩০ লাখ টকাৰ বাজেটেৰে।এই প্ৰস্তুতিৰ

অংশ হিচাপেই আজি সদৌ টাইদ অপৃন কেবাঙৰ 

কেন্দ্ৰীয় সমিতিৰ লগতে আঞ্চলিক সমিতিকে আদি কৰি টাইড বংশৰ বহু বিশিষ্ট গণ্য-

মান্য লোকৰ উপস্থিতিত 

শ শ মৃমবৃৰ-য়ামেৰ গীত-নৃত্যৰ লহৰৰ মাজেৰে আৰু মিবুৰ জয়ধ্বনিৰে টাবুৰাম টাইদ ক্ষেত্ৰ নামেৰে নামকৰণ কৰা অধিৱেশনস্থলীত লাই খুঁটা স্থাপন কৰে সদৌ টাইদ 

অপৃন কেবাঙৰ প্ৰতিস্থাপক সভাপতি গজেন টাইদে।

অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি বৰ্গৰ উপস্থিতিত উদুলি-

মুদুলি হৈ পৰে বৰ্ষামুখ অঞ্চল।লাইখুঁটা স্থাপনৰ পিছতেই বৰ্ষামুখ হাইস্কুলৰ সভা কক্ষত সদৌ টাইদ অপৃন কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ বিষয়-

ববীয়া সকলৰ সৈতে অধিৱেশনৰ আদৰণি সমিতিৰ কৰ্মকৰ্তা সকলে এখনি বৈঠকতো মিলিত হয়।