সাংবাদিকক ক্ষমা বিচাৰিলে শংকৰদেৱ সংঘৰ বিষয়ববীয়াই

      সাপেখাতীত অনুষ্ঠিত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ২৯ সংখ্যক কেন্দ্ৰীয় শিশু,যুৱ আৰু আই মাতৃ সমাৰোহ খনত সাংবাদিকৰ বাবে কোনো আছুতীয়া কক্ষ নথকাটো আজি আদৰনী সমিতি আৰু  প্ৰচাৰৰ বিভাগৰ উপ সমিতিয়ে দুখ স্বীকাৰ কৰাৰ লগতে তাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে ৷ লগতে সাংবাদিক সকলে সকলো দিক্ষতে সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাই ৷    আদৰনী সমিতিৰ সম্পাদক ফনীন্দ্ৰ শইকীয়া আৰু প্ৰচাৰ বিভাগৰ উপ সমিতিৰ সভাপতি পংকজ ৰাজখোৱাই আজি পৃথকে পৃথকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ উল্লেখ্য যে একাংশ অসৎ প্ৰকৃতি লোকে সামাজিক মাধ্যমত  কোনো সত্য তথ্য নোলোৱাকৈ অসত্য বাতৰি প্ৰচাৰ কৰি থকাৰ পৰিলক্ষিত হৈছে ৷ আছলতে সাংবাদিকৰ বাবে প্ৰথম দিনা  কোনো  আছুতীয়া কক্ষ বা আসনৰ ব্যৱস্থা কৰা হোৱা নাছিল ৷ আনহাতে আদৰনী সমিতিৰ লগত কোনো মতভেদ বা ভুল বুজাবুজি নাছিল বুলি আদৰনী সমিতিয়ে স্পষ্ট কৰি দিয়ে ৷