উজনী মাজুলী ৰতনপুৰ গায়ন পঞ্চায়তৰ নপমুৱা কিংকৰচূক গায়নগাৱঁৰ এক অংশক সামৰি ১৯৭১ চনতেই স্থাপন হৈছিল নপমুৱা প্ৰাথমিক বিদ্যালয়। প্ৰায় দুই কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে পৰিপুৰ্ণ এখন পূণাংগ বিদ্যালয় হ'ল নপমুৱা প্ৰাথমিক বিদ্যালয়। কিন্তু হৰ্থাৎ এই বিদ্যালয়খন বানবিধস্ত চিনাতলি প্ৰাথমিক বিদ্যালয়ৰ সৈতে একতিকৰণ কৰাক লৈ জাঙোৰ খাই উঠিছে অভিভাৱক সকল। বাৰিষা পানী ব্ৰহ্মপুত্ৰত জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে আবতৰীয়া বানপানী হোৱাত চিনাতলি প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ ইচ্ছুক নহয় নপমুৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। চিনাতলি প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ যাতায়তৰ অসুবিধা থকা সমান্তৰালৈ সময়ে সময়ে বনৰীয়া হাতী অহাৰ ভয়তো অভিভাৱক সকলে ছাত্ৰ-ছাত্ৰীক পঠাব নিবিচাৰে বিদ্যালয়লৈ। উল্লেখ যে ২০২১ বৰ্ষত কিংকৰচূক প্ৰাথমিক বিদ্যালয়ক চামিল কৰা হৈছিল নপমুৱা প্ৰাথমিক বিদ্যালয়ৰ সৈতে । কিংকৰচুকৰ পৰা নপমুৱা প্ৰাথমিক বিদ্যালয়লৈ আহিবলৈ প্ৰায় ডেৰ কিলোমিটাৰ খোজ কাহিব লাগে কণ কণ শিশু সকলে। বিদ্যালয়ৰ একতিকৰণ হোৱাৰ ফলত এই ছাত- ছাত্ৰী হাৰাশাস্তি সন্মুখিন হৈছে। কিয়নো প্ৰায় ৩ কিলোমিটাৰ পথ খোজকাঢ়ি আহিব লগা হোৱাতো দূভাগ্য জনক বুলি বিবেচিত হৈছে। ইফালে গ্ৰীষ্মকালিন বন্ধ শেষ হোৱা পিছত গত ২৬ জুলাইৰ পৰা বিদ্যালয়ৰ চৰকাৰী শিক্ষক কেইজন একতিকৰণ হোৱাৰ বাবে চিনাতলি বিদ্যালয়লৈ গ'ল যদিও নগ'ল ছাত্ৰ-ছাত্ৰী যাৰ ফলত বিদ্যালয় খনত গাৱঁৰ শিক্ষিত যুৱক সকলে পাঠদান কৰিছে। 

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

শিক্ষা বিভাগক বিদ্যালয় খন একতিকৰণৰ পৰা আতৰত ৰাখিবলৈ আহ্বান জনাইছে অভিভাৱক আৰু 

পৰিচালনা সমিতিয়ে ।