চৰকাৰী নিৰ্দেশনা অনুসৰি চৰকাৰী চিকিৎসালয়ৰ চৌহদত কোনো ধৰণৰ ব্যক্তিগত ফাৰ্মাচী খুলিবনোৱাৰে যদিও চৰকাৰী এই নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি ২০০৫ বৰ্ষৰ পৰা নীতি বৰ্হিভূত ভাৱে নাজিৰা নগৰস্থ চৰকাৰী সাহাৰ্যপ্ৰাপ্ত চিকিৎসালয়ৰ চৌহদত কেশৱ মেডিকেল ষ্টৰ নামৰ ফাৰ্মাচী খনৰ জৰিয়তে ৰহস্যজনক ভাৱে ঔষধৰ ব্যৱসায় কৰি আহিছে । সমিৰ কুমাৰ বৰঠাকুৰৰ মালিকানাধীন এই ফাৰ্মাচী খন স্থাপনৰ বেলিকা শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু ডিব্ৰুগড় জিলা সহকাৰী ঔষধ নিয়ন্ত্ৰকৰ জৰিয়তে অনুমতি লাভ কৰিলে সেয়া ৰহস্যৰ বিষয়হৈ পৰিছে । চৰকাৰী নীতি নিৰ্দেশনাৰ বিৰুদ্ধে গৈ চিকিৎসালয়খনৰ তেতিয়াৰ পৰিচালনা সমিতিয়ে কিহৰ ভিত্তিত সমিৰ কুমাৰ বৰঠাকুৰক ব্যক্তিগত ভাৱে কেশৱ মেডিকেল ষ্টৰ নামৰ ফাৰ্মাচী খনৰ দোকান গৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰী চিকিৎসালয়ৰ মাটিত অনুমতি প্ৰদান কৰিলে সেয়া বঢ়াই নকলেও সৰ্বজন বিদিত হৈ পৰিছে।

বৃহৎ পৰিমাণৰ ধনৰ লেন - দেন কৰি চৰকাৰী চিকিৎসালয়ৰ মাটিত ব্যক্তিগত ফাৰ্মাচী খুলিবলৈ অনুমতি প্ৰদানৰ ক্ষেত্ৰত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত তথ্য বিচাৰি " দূৰ্নীতি বিৰোধী যুৱ - শক্তি , অসম " ৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুনীল গগৈয়ে বিভাগীয় কৰ্তৃপক্ষক এখন আবেদন দাখিল কৰিছিল । এই আবেদনৰ ভিত্তিত কৰ্তৃপক্ষই দিয়া উত্তৰত সমস্ত দূৰ্নীতিৰ তথ্য পোহৰলৈ আহে । চিকিৎসালয়খনলৈ ৰাইজ তথা ৰোগীৰ বাবে চৰকাৰে যোগান ধৰা বিনামূলীয়া ঔষধৰ বেছি ভাগ এই ব্যক্তিগত ফাৰ্মাচী খনৰ পৰা ৰোগীয়ে ক্ৰয় কৰিব লগা হোৱা বিষয়টোৰ অভিযোগ নতুন নহয় । এনে ক্ষেত্ৰত চৰকাৰী নীতি নিৰ্দেশনাক ভেঙুচালি কৰি চৰকাৰী চিকিৎসালয়ৰ চৌহদত ব্যক্তিগত ফাৰ্মাচী খুলি ঔষধৰ ব্যৱসায় বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আজি " দূৰ্নীতি বিৰোধী যুৱ - শক্তি , অসম " ৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সুনীল গগৈয়ে নাজিৰা আদৰ্শ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।