বনগাওঁ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানৰ সুৰা

বিলাতী সুৰামুক্ত সত্ৰনগৰী মাজুলীত এটা দুষ্ট চক্ৰই গোপনে অব্যাহত ৰাখিছে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় । জিলাখনত বিলাতী সুৰাৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত আৰক্ষী আৰু আবকাৰী বিভাগৰ গোপন মিতিৰালীৰে ব্যৱসায়ীয়ে সুৰাৰ ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগো বহু পুৰণি । অবশ্যে দুয়োটা বিভাগেই মাজে সময়ে অবৈধ সুৰা ধৰি ব্যৱসায়ীক মাধমাৰো সোধায় । আজি মাজুলী জিলাৰ বনগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ।বনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৱাংজেনৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত জব্দ বৃহৎ পৰিমাণৰ সুৰাখিনি জব্ধ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । লগতে আৰক্ষীয়ে জিতুল দাস [জয় ৰাম দাস] নামৰ এজন সুৰা সৰবৰাহ কাৰী আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰে জানিব পৰামতে, সোনাৰী চাপৰি পৰা মাজুলী লৈ আনি থকা অৱস্থাত জব্দ কৰা হয় সুৰা সমূহ । সুৰাখিনিৰ মূল্য ৮০ হাজাৰ টকাৰ হব বুলি জনাইছে বনগাঁও আৰক্ষীয়ে । বনগাঁও ঔদ্যোগিক প্ৰশিক্ষন কেন্দ্ৰৰ সনমুখৰ পথত আৰক্ষীৰ নকা চেকিংত জব্দ হয় সুৰা সমূহ ।

সুৰা সৰবৰাহত ব্যবহিত AS01AD1630 নং হোণ্ডাই চেণ্ট্ৰ গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে ।

বনগাওঁ আৰক্ষীৰ এই তৎপৰতাত সচেতন মহলে সন্তোষ্টি প্ৰকাশ কৰিছে আৰু আৰক্ষী চকীৰ নিচেই কাষতে থকা চুলাই মদ আৰু বিলাতী সুৰাৰ ঘাটিসমুহত অভিযান চলাই ধ্বংস কৰিবলৈ দাবী জনাইছে ।