হাতীজান ৰাজহুৱা খেলপথাত (বাৰেকুৰি) আজি মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অসম মৰাণ সভাৰ সহযোগত ক্ৰীড়া সামগ্ৰী বিতৰণৰ শুভাৰম্ভণি কৰা হয়৷

বিভিন্ন অঞ্চলৰ পৰা অহা হেণ্ডবল খেলুৱৈ সকলক হেণ্ডবল আৰু নেট প্ৰদান কৰাৰ লগতে অনান্য খেলৰ সামগ্ৰী সমূহ বিতৰণ কৰে ৷ 

আজিৰ এই ক্ৰীড়া সামগ্ৰী বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা ,মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপন মৰাণ, উপ-মূখ্য কাৰ্যবাহী দেবেশ্বৰ মৰাণ, অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওঁগ , উপাধক্ষ্য তৰুণ মাধৱ মৰাণ, প্ৰধান সচিব মনজিত বৰকাকতি  ,   পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য, অসম চৰকাৰৰ যুৱ আয়োগৰ উপাধক্ষ্য অৰুণজ্যোতি মৰাণ , অসম মৰাণ সভাৰ সভাপতি ৰাজিৱ বড়া , সম্পাদক দুৰ্লভ গোঁহাই, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আদি কৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকে ৷