বলিউডৰ অভিনেত্ৰী হেমামালিনীৰ লগতে ৰাস মহোৎসৱলৈ আহিব জনপ্ৰিয় কমেডিয়ান আছৰানী। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে উলহ মালহৰ পৰিৱেশ। সকলো ঠাইৰ লগে লগে এইবাৰৰ নলবাৰীৰ ৰাস যেন অধিক উৎসাহিত হৈ পৰিছে।

এইবাৰ এজনৰ পিছত আনজন বলিউড তাৰকাৰ আগন্তুক উপস্থিতিৰ খবৰে অধিকৈ উৎসাহিত কৰিছে নলবাৰী তথা সমগ্ৰ অসমবাসী ৰাইজক। উল্লেখ্য যে, আগন্তুক ১৪ নৱেম্বৰত নলবাৰী ৰাস মহোৎসৱ উপস্থিত থাকিব বলিউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী আৰু তাৰ পৰৱৰ্তী দিনা অৰ্থাৎ ১৫ নৱেম্বৰত উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় কমেডিয়ান গোৱৰ্ধন আছৰানী ওৰফে আছৰানী।

উল্লেখযোগ্য যে, আছৰানীয়ে নলবাৰীৰ ৰাস উপভোগ কৰিবলৈ অহাৰ খবৰতো নিজেই সামাজিক মাধ্যমৰ যোগেৰে প্ৰকাশ কৰিছে। এতিয়া ১৫ নৱেম্বৰত অনুস্থিত হ’ব লগা নলবাৰীৰ তৰাস মহোৎসৱৰ কাৰণে যেন ব্যাকুল হৈ পৰিছে ৰাজ্যবাসী।