চৰাইদেউ জিলা কংগ্ৰেছৰ আগন্তুক “ভাৰত জোড়ো যাত্ৰা’’ৰ প্ৰস্তুতি আৰু সাংগঠনিক সভা সম্পন্ন ৷ 

চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আগন্তুক ভাৰত জোড়ো (অসম)যাত্ৰাৰ প্ৰস্তুতিৰ সন্দৰ্ভৰ লগতে কংগ্ৰেছ নেতা কৰ্মী সকলৰ এখন সাংগঠনিক সভা চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় ৷জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দ্বয় নৃপেন কোৱঁৰ আৰু লোহিত মহনে আঁত ধৰা উক্ত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ, জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী .প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুয দিহিঙীয়া ,কংগ্ৰেছ দলৰ ৰাজ্যিক অবিচি বিভাগৰ উপ সভাপতি পৱিত্ৰ শইকীয়া ,প্ৰদেশ যুব কংগ্ৰেছৰ সাধাৰন সম্পাদিকা প্ৰতিমা তাছা ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণু সন্দিকৈ ,কংগ্ৰেছ নেতা সুশীল চুড়ী, প্ৰকাশ নাগ,জিলা মুখপাত্ৰ প্ৰদীপ চেতিয়া ফুকন ,জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ জিলা কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ লগতে জিলা খনৰ পাঁচোটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি সকলৰ ওপৰিও কংগ্ৰেছ দলৰ বিভিন্ন বিভাগৰ শীৰ্ষ নেতৃবৃন্দ আৰু কংগ্ৰেছ কৰ্মী সকল উপস্থিত থাকে ৷