অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত ঘগ্ৰাপাৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ঘগ্ৰাপাৰস্থিত জিৰণি ৰিজৰ্টত পৰিষদৰ বিংশতিতম দ্বিবাৰ্ষিক অধিবেশন-প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয় । উক্ত অধিবেশন - প্ৰতিনিধি আৰু বিষয় বাচনি সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি ৰ সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত ঘগ্ৰাপাৰ আঞ্চলিক সমিতি গন পূৰ্ণ কৰা হয় ।