(বেহাৰবাৰী আউটপুটৰ অংশুমান ভূঞাৰ নাট্যাভিনয় : খোল - তাল - বাঁহীৰ শব্দই মুখৰ ঢকুৱাখনা চৌদিশ)

মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা৷

ইপিনে প্ৰতি বছৰৰ দৰে এইবছৰো ঢকুৱাখনা নগৰৰ গাতে লাগি থকা বালিগাঁও নাট্য মন্দিত শ্ৰীশ্ৰী কৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। বালিগাঁওবাসীয়ে লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই অতি ধুমধামেৰে বালিগাঁৱৰ নাট্য মন্দিৰৰ প্ৰাংগনত মাহজোৰা অনুশীলনৰ অন্তত গাওঁখনৰ বুকুলৈ মথুৰা বৃন্দাবন নমাই আনি দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যেৰে আয়োজন কৰা ৰাস মহোৎসৱে বালিগাঁওবাসীক পূৰ্ণাংগ ৰূপ প্ৰদান কৰে৷ সেয়েহে বালিগাঁৱৰ নামঘৰত এতিয়া উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে।

আজিৰে পৰা ৮ নবেম্বৰলৈ দুদিনীয়া কাৰ্যসূচীৰে মঞ্চত দৰ্শকক চমক দিয়াৰ মানসেৰে কৌশলেৰে দৰ্শকক আমোদ দিয়াৰ উপৰিও বালিগাঁৱৰ যুৱক সমাজে আয়োজন কৰা ৰাসোৎসৱত স্থানীয় শিল্পী লগতে বহু ন-পুৰণী শিল্পীয়ে অভিনয় কৰিব।

ইপিনে এইবাৰ বালিগাঁৱৰ ৰাস মহোৎসৱত স্থানীয় শিল্পী লগতে আমন্তিত অতিথি শিল্পীক্ৰমে "ৰেঙনি" চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপ’ষ্টৰ” অভিনেতা অংশুমান ভূঞাই নাট্যাভিনয় কৰিব। ইয়াৰ সমান্তৰালভাৱে ঢকুৱাখনাৰ ঘাহি গাৱঁৰ ভাস্কৰ নাট্য কৃষ্টি ভৱন, উজনি জালভাৰী, ১ নং বান্তৌ, শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ আদিত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হ'ব৷