ব্যয় বহুল পৰিকল্পনাৰে ৪৮ তম বৰ্ষত ভৰি দিয়া চিলাপথাৰ মাজগাঁৱৰ আঞ্চলিক ৰাসোৎসৱ আজি আৰু কালিলৈ দুদিনীয়াকৈ মাজগাঁৱৰ আঞ্চলিক ৰাস মন্দিৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হ'ৱ।

মাজুলীৰ পৰা অহা বায়ন কেশৱ ৰাজখোৱাৰ তত্বাৱধানত ইতিমধ্যে গোপ বালক বালিকা সকলে নৃত্য কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে। দুদিনীয়াকৈ অনুষ্ঠিত এই ৰাসোৎসৱত সকলো ৰাইজৰ সহায়-সহযোগিতাৰ লগতে উপস্থিতিৰ কামনা কৰিছে উদ্‌যাপন সমিতিয়ে।