Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

  বিশ্বখ্যাত আমেৰিকান তাত্ত্বিক পদার্থ বিজ্ঞানী আৰু পদার্থ বিজ্ঞানৰ মহান শিক্ষক ৰিচার্ড ফিলিপছ ফাইনমেনে কৈছিল-

এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চাবিৰ নিচিনা ৷ ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয় ৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়া , শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া ৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা ৷

হয় , সাম্প্ৰতিক সময়ত মানৱজাতি যেন সেই পেলাই থোৱা চাবিটোৰ দৰে হ'বলৈ গৈ আছে। পূৰ্বতে গ্ৰামাঞ্চলৰ খাটিখোৱা লোক সকল বিশেষকৈ কৃষক সকলে কৰা নিতৌ কঠোৰ পৰিশ্ৰমৰ ফলত যি ৰোগহীন জীৱন নিৰ্বাহ কৰিব পাৰিছিল, সাম্প্ৰতিক সময়ত যেন সেইয়া সম্পূৰ্ণ পৃথক।যি ৰোগ কোনো কালে আশা নকৰে তেনে ৰোগ,ব্যাধিয়ে বেৰি বেৰি ধৰে এতিয়া সাধাৰণ শ্ৰেণীৰ লোকসকলক। সমান্তৰালকৈ কম পৰিশ্ৰমে ধন আৰ্জিবলৈ

 কালক্ৰমত বাৰীৰ ঘাঁহে নমনাৰ দৰে কৰ্মসংস্থাপনৰ খাতিৰত গতি কৰিছে বহুলোক বহি: ৰাজ্যলৈ। এতিয়া আহো মূল কথালৈ: 

ভাৰত চৰকাৰে ২০১৩ চনৰ ১০ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনখন বলবত কৰিছিল । সেই অনুসৰি আঁচনিখন সমাজৰ দুখীয়া শ্ৰেণীৰ সুবিধাৰ বাবে ভিন্ন ৰাজ্যৰ লগতে অসমতো বলবত কৰা হৈছিল। অসমত এই আঁচনিখন ২০১৫ বৰ্ষৰ ২৪ জানুৱাৰীত শুভাৰম্ভ কৰা হয়। আঁচনি খনৰ ৰূপায়নৰ বাবে, "অগ্ৰাধিকাৰ প্ৰাপ্ত (Priority Household)" আৰু "অন্ত্যোদয়া অন্ন যোজনা (AAY)" নামেৰে দুই প্ৰকাৰৰ পৰিয়াল পৰিচয় পত্ৰ (Ration card) বিতৰণ কৰা হৈছিল। প্ৰতিমাহে "অগ্ৰাধিকাৰ প্ৰাপ্ত" পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক পৰিয়ালৰ সদস্যই প্ৰতি ৫ কেজিকৈ আৰু "অন্ত্যোদয়া অন্ন যোজনা" পৰিয়াল পৰিচয় পত্ৰ থকা পৰিয়ালসমূহক পৰিয়াল পৰিচয় পত্ৰই প্ৰতি ৩৫ কেজিকৈ নিম্ন দৰত চাউল যোগান ধৰা হৈছে। দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সুবিধাৰ্থে গ্ৰহণ কৰা এই আইন সচাঁকৈয়ে গ্ৰহণযোগ্য আছিল সেইয়া এশ শতাংশ সত্য। কিন্তু অসমৰ বহু ঠাইত যেন বিগত বৰ্ষৰ পৰা বিনামূলীয়া চাউলৰ বিৰূপ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখিবলৈ পোৱা দৃষ্টিগোচৰ হৈছে। চৰকাৰে জনসাধাৰণৰ হিত ৰ বাবে ভিন্ন অভিলাসী আচঁনি যিমানেই ৰূপায়ন কৰিছে তাৰ সমান্তৰালকৈ একাংশ শিতাধিকাৰী সহায়ক হোৱাৰ বিপৰীতে অধিকাংশ লোক এই আচঁনিয়ে কৰ্মহীন ,এলেহুৱা ৰ ওপৰিও ধোদ সৃষ্টি হোৱাত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছে। ইয়াৰ জলন্ত উদাহৰণ বৰ্তমান সময়ত গ্ৰামাঞ্চলত গ'লে বুজিব লগতে উপলব্ধি কৰিব পাৰিব। নিশ্চিত ভাৱে কবলৈ গ'লে,শাওন মাহৰ মাজভাগত যি টুকুৰা কৃষিভূমি ত পূৰ্বতে ধান খেতিৰে সেউজীয়া হৈ পৰি আছিল আজি সেই মাটিদৰা সেউজীয়া হৈ আছে থিকেই কিন্তু পাৰ্থক্য এটাই,,,,,তেতিয়া কৃষকে তিনি/চাৰি ছাহ মাটি চহ কৰি কঠিয়া ৰোৱাৰ পাছত ৰোৱা সমূহ সজাল ধৰাত সেই সেউজীয়া সৌন্দৰ্যতা দেখা পোৱা গৈছিল আৰু তাৰ বিপৰীতে এতিয়া বনৰীয়া সেউজীয়া ঘাঁহেৰে পৰিপূৰ্ণ চন পৰা মাটিলৈ ৰূপান্তৰিত হৈ সেউজীয়া হৈ পৰি থকা দেখা গৈছে ।।।।সেইয়া দেখিলে হয়তো আপোনিও এক মূহুৰ্তৰ বাবে থমকি ৰবলৈ মন যাব লগতে ভাৱিবলৈ বাধ্য হব, কোন দিশে আমাৰ মানৱজাতি!কোন দিশে আমাৰ কৃষিপ্ৰেমী কষ্টসহিষ্ণু খেতিয়ক সমাজ।

                    যি ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে নিবনুৱা সমস্যা কিম্বা নিৰক্ষৰতা, যাৰ ফলস্বৰুপে অসমৰ বহু নিবনুৱা ই নিতৌ কৰ্মসংস্থাপনৰ ৰ খাতিৰত ধাপলি মেলিব লগা হৈছে বহি:ৰাজ্যলৈ তেনে স্থলত নিজ জন্ম ভূমিত শ শ বিঘা কৃষি ভূমি চন পৰি চৰণিয়া পথাৰ হৈ পৰি ৰৈছে। চৰকাৰে চাকৰি নিযুক্তি দিয়ে এক লাখ তাৰ বিপৰীতে প্ৰাৰ্থী ৰ সংখ্যা হয় দহ লাখ।এনেদৰেই জানো নিবনুৱা সমস্যা সমাধান হ'ব? শাসনাধীন চৰকাৰ খনলৈ শেষত এটাই অনুৰোধ, সাধাৰণ জনসাধাৰণৰ সুবিধাৰ্থে প্ৰৱৰ্তন কৰা ভিন্ন অভিলাখী আঁচনি প্ৰস্তুত কৰিছে থিকে তাৰ পৰিবৰ্তে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত সুবিধা ৰ বাবে ক্ষুদ্ৰ তম নিযুক্তিৰ উপৰিও ভিন্ন উদ্যোগ প্ৰতিষ্ঠা ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক। দেখিব বিনামূলীয়া চাউলকেইটাতকৈ বহু গুণে উপকৃত কৰিব এটা এটা দৰিদ্ৰ পৰিয়ালক। বিনামূলীয়া চাউলে সাম্প্ৰতিক সময়ত যেনেদৰে এটা পৰিয়ালক ধোদলৈ ৰূপান্তৰিত কৰাত অৰিহণা যোগাইছে তাৰ বিপৰীতে উদ্যোগ খণ্ডত নিয়োজিত হ'লে এটা পৰিয়াল পুনৰ কৰ্মমুখী কৰি তুলিবলৈ অৰিহণা যোগাব। দেখিব ঘৰতে বহি থকা ব্যক্তি জন পুনৰ কামলৈ ধাপলি মেলিছে,চন পৰি থকা মাটিত পুনৰ শালি/লাহি ধানে উপচি পৰিছে।।।।।।।