তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত ।

এইবাৰ তিনিচুকীয়াৰ পানীতোলা বৰুৱাহোলাৰ ভাটীচুকত তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান ।

গোপন খৱৰৰ ভিত্তিত তিনিচুকীয়াৰ চহৰ পৰিদৰ্শক ভাষ্কৰ ৰাজ বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই ১১.৬ গ্ৰাম ড্ৰাগছ সহ আটক কৰে এজনক ।

আটকাধীন যুৱকজন তিনিচুকীয়াৰ বৰুৱাহোলাৰ পল বৰুৱা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে যুৱক জনক আটক কৰি তিনিচুকীয়া সদৰ থানাত অধিক তথ্যৰ বাবে মাৰাঠন জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ।