যোৱা ইংৰাজী ৪ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি আৰু মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ অধিবেশন

তিনিদিনীয়াকৈ কাকপথাৰ কাছিজান মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত শ্ৰী শ্ৰী ভক্তভুজ সমন্বয় ক্ষেত্ৰত সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ পঞ্চদশ আৰু মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশন আয়োজন কৰিছে। পতাকা উত্তোলনৰ জৰিয়তে প্ৰথম দিনাৰ কায্যসূচী শুভাৰম্ভ কৰা অধিবেশনৰ মূল মণ্ডপ তথা শ্ৰী শ্ৰী ভক্তভূজ সমন্বয় ক্ষেত্ৰ শুভ উদ্বোধন কৰে শ্ৰী শ্ৰী মায়ামৰা হাতীগড় মুলানি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী চক্ৰেস্বৰ মহন্ত দেৱে। সম্পূৰ্ণ মৰাণ সমাজৰ ধৰ্মীয় ৰীতি নীতিৰে গুৰু জনাক আদৰি আনি শুভ কৰ্ম সমাপন কৰি ইয়াৰ পিছত বিভিন্ন কাৰ্যসূচী তথা প্ৰতিযোগিতা সমূহত অনুষ্ঠিত হব বুলি ব্যক্ত কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা দ্বি বাৰ্ষিক অধিৱেশনৰ অহা ইংৰাজী ৬ নৱেম্বৰ তাৰিখে সামৰণি পৰিব।