ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা মহিলা মৰ্চাৰ অন্তৰ্গত বড়িগোগ বনভাগ মহিলা মৰ্চাৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা আজি ঘগ্ৰাপাৰস্থিত বিজেপিৰ মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়।

বিজেপিৰ বড়িগোগ বনভাগ মহিলা মৰ্চাৰ  সভানেত্ৰী মণিকা ভৰালীয়ে সঞ্চালনা কৰা সভাত মহিলা কাৰ্যকৰ্তাসকলক সম্বোধি সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয় যে, ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলা শক্তিয়ে গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।