১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বছৰ উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কাকপথাৰ বৰডিৰাক ৰাজহুৱা খেলপথাৰৰ অস্থায়ী শ্বহীদ বেদী প্ৰাংগনত ৫০ গজ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিখিল কোচদেৱে শুভাৰম্ভ কৰা কাৰ্যসূচীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কনচেং গগৈৰ লগতে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াই কাৰ্যসূচীত উপস্হিত থাকে।।
১৯৭২ চনৰ মাধ্যম আন্দোলনৰ ৫০ বৰ্ষপূৰ্তি উপলক্ষ্যে শ্বহীদক সুঁৱৰি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বন্তি প্ৰজ্বলন
