ঐতিহাসিক মাধ্যম আন্দোলনৰ ৫০ বছৰ।

ডুমডুমাৰ গান্ধী মূৰ্তিৰ প্ৰাংগণত বন্তি প্ৰজ্বলন ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ।

ঐতিহাসিক মাধ্যম আন্দোলনে ৫০ বছৰ গৰকিলে। মাধ্যম আন্দোলনৰ সময়ত যিসকল ব্যক্তি আমাৰ অসমীয়া জাতি সত্তাৰ, অসমীয়া মাধ্যম ৰক্ষাৰ আন্দোলনত প্ৰাণ হেৰুৱাইছিল সেই সকল শ্বহীদক স্মৰণ কৰি আজি সেই ঐতিহাসিক দিনৰ শ্বহীদ সকলক সুঁৱৰি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই ডুমডুমা গান্ধী মূৰ্তিৰ প্ৰাংগণত বন্তি প্ৰজ্বলন কৰে। মাধ্যম আন্দোলনৰ সেই সময়ক সুঁৱৰি লগতে আজিৰ শাসকীয় বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পুনৰ অসমীয়া মাধ্যমক শেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি কতাক্ষ কৰে ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতীম নেওগে। লগতে অসমীয়া মাধ্যমৰ ওপৰত আক্ৰমণ কৰা বন্ধ কৰিবলৈ আহ্বান জনাই। যদিহে এনেদৰে অসমীয়া মাধ্যমৰ ওপৰত অসমীয়া জাতি নিশেষ কৰাৰ যি পৰিকল্পনা সেয়া কৰাৰ পৰা বিৰত নেথাকিলে অনাগত দিনত বিজেপি চৰকাৰে তাৰ প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক বুলিও সঁকীয়াই দিয়ে।