বৃহস্পতিবাৰে তিনিচুকীয়াত অসম মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ এখন  গুৰুত্বপূৰ্ণ সভা  অনুষ্ঠিত কৰে ।

তিনিচুকীয়াৰ জিলা অগপৰ কাৰ্য্যালয়ত অনুষ্ঠিত উক্ত সভাত অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক ভেটি শক্তিশালী কৰা , নতুন সদস্যভৰ্ত্তি অভিযান আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰে ।

সভাখনত অসম মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ বহুকেইগৰাকী নেত্ৰীৰ উপৰিও জিলা অগপৰ বহু কেইগৰাকী নেতা উপস্থিত থাকে ।