অসমত ইনাৰ লাইন পাৰ্মিটৰ শুনানীৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ পৰিষদৰ সাধাৰণ সম্পাদকৰ।
অসমত ইনাৰ লাইন পাৰ্মিট সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানী।
অসমত ইনাৰ লাইন পাৰ্মিট দ্বিতীয় শুনানীৰ পূৰ্বে পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইৰ মন্তব্য।
অসমৰ পৰা ইষ্টাৰ্ণ বেংগল ফ্ৰন্টিয়াৰ ৰেগুলেশ্বন এক্ট ১৮৭৩ ৰ আধাৰত বলবৎ হৈ থকা ইনাৰ লাইন পাৰমিট অৰ্থাৎ আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা চমুকৈ ( ILP) কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে ( "কা" গৃহীত কৰাৰ ঠিক পূৰ্বে ) অধিসূচনাৰ জৰিয়তে বাতিল কৰা কাৰ্য্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰত্যাহ্বান জনাই ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল | আদালতে প্ৰথম শুনানী গ্ৰহণ কৰাৰ পিছত কভিড পৰিস্থিতিৰ বাবে শুনানী প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে | সুদীৰ্ঘ সময়ৰ পিছত আজি পুনৰ আই এল পি (ILP) গোচৰৰ শুনানী গ্ৰহণ কৰিব মহামান্য উচ্চতম ন্যায়ালয়ে |
শুনানীৰ পূৰ্বে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সন্মূখত সংবাদ মাধ্যমক মতামত ব্যক্ত কৰে।