অচিনাক্ত দুৰ্বৃত্তই শূণ্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল পাঁচজনকৈ নিৰীহ লোকক ।

সমগ্ৰ ৰাজ্য তথা দেশ কপাঁই যোৱা তিনিচুকীয়া জিলাৰ ধলাৰ বিচনীমুখ খেৰবাৰীত দুৰ্বিত্তৰ গুলীত পাঁচজনকৈ নিৰীহৰ মৃত্যুৰ চাৰিবছৰ সম্পুৰ্ণ হ'ল ৷ ২০১৮ চনৰ ১ নৱেম্বৰ তাৰিখে সন্ধিয়াৰ সময়ত আততায়ীৰ গুলিত বিচনীমুখ খেৰবাৰীৰ শ্যামলাল বিশ্বাস, অনন্ত বিশ্বাস, অভিনাশ বিশ্বাস, সুবল দাস আৰু ধনঞ্জয় নমশুদ্ৰ নামৰ ৫ গৰাকী নিৰীহ লোকক অচিনাক্ত দুৰ্বিত্তই শূণ্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল৷

হত্যাকাৰীক চিনাক্ত আৰু উপযুক্ত শাস্তিৰ দাবীত সমগ্ৰ অসমৰ লগতে লোকসভাৰ মজিয়াতো দাবী উথাপন হৈছিল কিন্তু চাৰিটা বছৰ অতিক্ৰম কৰিলে যদিও হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম নহ'ল৷ আততায়ীৰ গুলিত নিহত হোৱা পাঁচজনকৈ নিৰীহৰ সমাধিস্থলিত ছৈখোৱা আঞ্চলিক বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে প্ৰতিবাদী সভাৰ আয়োজন কৰে।