পৰিবেশ ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ লক্ষৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্বত থকা গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড (GIAL) কৰ্তৃপক্ষই বিমানবন্দৰটোক প্ৰদূষণমুক্ত কৰি সেউজ বিমানবন্দৰলৈ (Green Airport) উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশহিচাপে বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে ব্যৱহাৰ হোৱা বাহন সমূহ পৰ্যায়ক্ৰমে ইলেকট্ৰনিক বাহনলৈ (EV) পৰিৱৰ্তন কৰাৰ কাম আৰম্ভ কৰিছে।

ইয়াৰ অংশ হিচাপে আজি বৰঝাৰ বিমানবন্দৰত তিনিখন ইলেকট্ৰনিক বাহন মুকলি কৰা হয়। GIALৰ মুখপাত্ৰই সদৰি কৰা অনুসৰি পেট্ৰল, ডিজেলকে ধৰি জীৱাশ্ম চালিত বাহন সমূহ পৰ্যায় ক্ৰমে বন্ধ কৰি পৰিবেশ অনুকূল ই ভি বাহন বিমানবন্দৰত যাত্ৰীৰ সেৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব।

ইয়াৰ বাবে বিমানবন্দৰত চার্জি ষ্টেচন স্থাপন কৰা হ'ব। মূলত পৰিবেশ সংৰক্ষণৰ বৃহত্তৰ স্বাৰ্থতে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জি আই এ এলৰ মুখপাত্ৰই সদৰি কৰিছে।