বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে গুৰুত্ব পূৰ্ণ পথটো I

ধেমাজি জিলাৰ জোনাই মহকুমা আৰু অৰুণাচল প্ৰদেশৰ ৰুকচিন মহকুমাৰ সীমান্তত থকা গুৰুত্ব পূৰ্ণ ইনাৰলাইন পথৰ দুৰৱস্থাই বিজেপি চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপক উদঙাই দিছে I ৰুকচিনৰ পৰা নাৰীলৈ সংযোগ থকা সীমান্তবৰ্তী ইনাৰলাইন পথে জলাকলা খুৱাইছে অসমৰ প্ৰায় 50 খন গাওঁৰ লগতে অৰুণাচলৰ বহু গাওঁৰ হাজাৰ হাজাৰ ৰাইজক Iএই দৃশ্যলৈ মন কৰক I ধেমাজি জিলাৰ জোনাই মহকুমাৰ ৰাজাখানা গাওঁ পঞ্চায়তৰ তিনি নং ৰায়াং বালিজান দৃশ্য এয়া I চবিয়ে মিছা কথা নকয় I পথ নহয় যেন পুখুৰীহে I গাওঁখনৰ ইনাৰলাইন পথৰ অৱস্থাই হাজাৰ হাজাৰ পথচাৰীক যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভোগাই আহিছে বছৰ বছৰ ধৰি I

তদুপৰি অৰুণাচলেদি বৈ অহা ইনাৰলাইন পথেদি পাৰ হৈ যোৱা পথত নাই পকী দলং Iইনাৰলাইন পথৰ সৈতে সংযোগ থকা প্ৰায় 50 খন গাওঁৰ জনসাধাৰণে বাৰিষাৰ সময়ত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মূখিন হব লগিয়া হয় I বিশেষকৈ গাওঁখনৰ ছাত্ৰ ছাত্ৰীয়ে এই পথেদি এবুকু বোকা পানী পাৰ হৈ বিদ্যালয়ত যাব লগিয়াত পৰে Iজৰুৰী অৱস্থাত এখন এম্বুলেঞ্চ সোমাই আহিব নোৱাৰা গাওঁখনত ৰুগীক ভাৰ বান্ধি চিকিৎসালয়লৈ নিয়াৰ বাহিৰে বিকল্প ব্যৱস্থা নাই।তদুপৰি জৰুৰী অৱস্থাত অৰুণাচল প্ৰদেশৰ সীমান্তলৈ পথৰ দুৰৱস্থাৰ বাবে যাব নোৱাৰিব আৰক্ষী তথা প্ৰশাসনৰ বাহন।স্বাধীনতাৰ 75 বছৰ উকলি যোৱাৰ পিছতো অসম অৰুণাচল সীমান্ত ইনাৰ লাইন পথৰ দুৰৱস্থাই উদঙাই দিছে চৰকাৰৰ উন্নয়নৰ নমুনা I অতি শীঘ্ৰে ইনাৰলাইন পথ পকী কৰাৰ লগতে নৈ সমুহত পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰলৈ হাতযোৰ কৰি কাতৰ অনুৰোধ জনাইছে গাওঁবাসীয়ে I