দেওমৰনৈৰ দলংঘাটত "মৰা মানুহৰ ফাঁচী" মঞ্চস্থ

দেওমৰনৈৰ সমীপৰ দলংঘাটত কালিপূজা উপলক্ষে ৰাধেশ্যাম কলিতা ৰচিত নাট " মৰা মানুহৰ ফাঁচী" মঞ্চস্থ কৰা হয়। অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান দলংঘাট অগ্ৰগামী নাট্য কলা সংঘৰ শিল্পীসকলে মঞ্চস্থ কৰে উক্ত নাটখনি। ১৯৫৮ চনতে প্ৰতিষ্ঠা হোৱা আৰু ইতিপূৰ্বে সোণালী বৰ্ষ গৰকা দলংঘাট অগ্ৰগামী নাট্য কলা সংঘৰ শিল্পীসকলে বিগত ৬৪ বছৰে মঞ্চস্থ কৰি আহিছে একোখনকৈ পূৰ্ণাঙ্গ নাট। এইবেলিও স্বনামধন্য নাট্যকাৰ ৰাধেশ্যাম কলিতা ৰচিত আৰু দিবাকৰ নাথ পৰিচালিত নাট "মৰা মানুহৰ ফাঁচী" মঞ্চস্থ কৰে। সংঘৰ সভাপতি দুলাল চহৰীয়া আৰু যুৱ সমাজকৰ্মী ভূপেন হাজৰিকাই জনোৱা মতে ধ্ৰুৱৰাম নাথে উদ্বোধন কৰা আৰু প্ৰতিকূল বতৰকো নেওচি অগনন দৰ্শকে উপভোগ কৰা নাটখনৰ প্ৰাকমূহুৰ্তত গীতি নৃত্য নাটিকা "সাংস্কৃতিকা" পৰিবেশন কৰা হয়।