অজস্ৰ অনুসন্ধিৎসাৰে ভৰা শিশু মনৰ কল্পনাশক্তি আৰু উদ্ভাৱনী শক্তিক যথাযথ ভাৱে সহযোগ আগবঢ়োৱাৰ উদ্দেশ্যে লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ উদ্যোগ, ঢকুৱাখনা মণ্ডল শিশু বিজ্ঞান একাডেমীৰ সহযোগত আৰু হাৰ্হি মহাবিদ্যালয় ঢকুৱাখনাৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে এই বৰ্ষৰ ৫ নৱেম্বৰ শনিবাৰে অনুষ্ঠিত হব ৩০ সংখ্যক শিশু বিজ্ঞান সমাৰোহ -২০২২ ৷ শিশুমনৰ কৌতূহল তথা নজনাক জনাৰ যি হেঁপাহ, তাৰ পোষণ আৰু বৰ্ধনৰ বাবে হাৰ্হি মহাবিদ্যালয়ত অনুষ্ঠিত হব লগীয়া এই সমাৰোহত প্ৰায় শতাধিক শিশু বিজ্ঞানীয়ে ভাগ লব বুলি সংবাদমাধ্যমক জনাইছে সভাপতি বেণুকান্ত হাজৰিকা, সম্পাদক যজ্ঞেশ্বৰ বৰাই ।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
এই কাৰ্য্যসূচীত ১০ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু-কিশোৰে অংশগ্ৰহণ কৰিব পাৰিব । " সুস্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্থিতিতন্ত্ৰক বুজোঁ আহা" মুল বিষয়বস্তু হিচাপে লৈ ২০২২ বৰ্ষৰ ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ মুল কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে গছপুলি ৰোপণ কৰিব সমাজকৰ্মী ঢকুৱাখনাৰ পৃথু বৰাই । পুৱা ৮ বাজি ১৫ বজাত শিশু বিজ্ঞানী সকলৰ নাম পঞ্জীয়ন । ৯ বজাত পতকা উত্তোলন কৰিব লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ সভাপতি বেণুকান্ত হাজৰিক, ঢকুৱাখনা মণ্ডলৰ সভানেত্ৰী শান্তনা বৰুৱা আৰু হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানস জ্যোতি নেওগে, শপত বাক্য পাঠ কৰাব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞানী পাহি বৰা আৰু প্ৰাংশু বৰুৱাই । পুৱা ১০.৩০ বজাত ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই সমাৰোহ উদ্বোধন আৰু মুল সভাৰ উদ্বোধন কৰিব । লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ সভাপতি বেণুকান্ত হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত হবলগীয়া মুল সভাৰ আদৰণী ভাষা পাঠ কৰিব হাৰ্হি মহাবিদ্যালয় অধ্যক্ষ ড° মানসজ্যোতি নেওগে । ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঞি উন্মোচন কৰিব ২০২২ বৰ্ষৰ শিশু বিজ্ঞান সমাৰোহৰ মুখপত্ৰ " অন্বেষণ " ৷ অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে মাধৱদেৱ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক দুলাল মহন্ত, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ঢকুৱাখনৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ জালা উপায়ুক্ত সুমিত সাত্তাৱনৰ লগতে বিশিষ্ট অতিথিৰূপে লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া আৰু আমন্ত্ৰিত অতিথি হিচাপে ঢকুৱাখনা মহাবিদ্যালয় অধ্যক্ষ ড° যোগানন্দ সূত, ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্ভাৱক উপাসনা বৰুৱা। ইপিনে এই অনুষ্ঠানৰ মুল সভাৰ সমান্তৰালকৈ শিশু বিজ্ঞানীৰ প্ৰকল্প উপস্থাপন কাৰ্যসূচীৰ অনুষ্ঠিত হব।