টিংখাঙৰ খোৱাং বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নাংদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে বনানিকৰণত নিয়োজিত শ্ৰমিকৰ মজুৰি প্ৰদান নকৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে শ্ৰমিকসকল ৷ নামদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ভোগালীপথাৰ আৰু পানধোৱা বনগাঁৱত ১১০ হেক্টৰ ভূমিত যোৱা জুলাই, আগষ্ট আৰু চেপ্টেম্বৰ মাহত হৈছিল বনানিকৰণ ৷ নামদাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গ্ৰামাঞ্চলৰ মুঠ ১৮০ গৰাকী গঞাই শ্ৰমিক হিচাপে এই বনানিকৰণত কাৰ্যসূচীত অংশ লৈছিল৷

কিন্তু কাম সম্পূৰ্ণ হোৱাৰ পাছতো বন বিভাগে প্ৰাপ্য মজুৰি আদায় নিদিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে গাঁৱৰ এই শ্ৰমজীৱি লোকসকল ৷ আজি এই শ্ৰমিকসকলে নামদাং খণ্ড বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাপ্য মজুৰিৰ দাবীত সোচ্চাৰ হৈ উঠে ৷ অনাদায় হৈ থকা মজুৰি শীঘ্ৰ আদায় নিদিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিব বুলি স্পষ্ট কৰি দিছে ৰাইজে ৷ আনহাতে খণ্ড বন বিষয়াগৰাকীয়ে উদ্ধতম বিষয়াৰ লগত আলোচনা কৰি বিষয়টোৰ নিস্পতি কৰা হ'ব বুলি ৰাইজক জানিবলৈ দিয়ে ৷