উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ঘিলামৰাত স্বচ্ছ ভাৰত অভিযান ২.০
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বেবেজীয়া কৈৱৰ্ত গাঁৱৰ যুৱক সকলৰ সহযোগত
ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বেবেজীয়া চাৰিআলিত সোমবাৰে এক স্বচ্ছ ভাৰতৰ কাৰ্যসূচী ৰূপায়ন কৰে ।ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান ২.০ৰ অংশস্বৰূপে আজি চাফাই কাৰ্যসূচীৰ জৰিয়তে প্লাষ্টিক-পলিথিন বৰ্জনৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয় । উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ৰূপায়ন কৰা স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীত উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক ৰাজীৱ দাস, বেবেজীয়া কৈৱৰ্ত গাঁৱৰ মিলন জ্যোতি যুৱ সংঘৰ
সদস্য হোমেন দাস, বাবু দাস, উদয় শংকৰ দাস, ৰাকেশ দাস, বিতুপন দাস, ৰাতুল দাসৰ লগতে গাঁওখনৰ কেইবাজনো জেষ্ঠ লোকে অংশগ্ৰহণ কৰে। উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বেবেজীয়া কৈৱৰ্ত গাঁৱৰ মিলন জ্যোতি যুৱ সংঘৰ সহযোগত হাতত লোৱা এই কাৰ্যসূচীৰ বাবে সচেতন লোকে শলাগ লোৱাৰ লগতে ভৱিষ্যত দিনবোৰতো এনেধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ আহ্বান জনায় ।