ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ NSS গোটে মাহমৰাৰ সৰ্বোদয় গাওঁ পঞ্চায়তৰ অন্তৰ্গত আমগুৰি গাওঁ খনৰ দায়িত্ব গ্ৰহন কৰিছে। এই উদ্দেশ্যে আজিৰ পৰা গাওঁ খনত গ্ৰহন কৰা হৈছে সাতদিনীয়া এক বিশেষ কাৰ্য্যসূচী।

এই কাৰ্য্যসূচীৰ অধীনত গাওঁ খনৰ আৰ্থ সামাজিক শৈক্ষিক সাংস্কৃতিক স্বাস্থ্য আৰু পৰিবেশ কৃষিকে সামৰি বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আজিৰ এই প্ৰশিক্ষণ কাৰ্য্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে।

আনহাতে NSS গোটে গাওঁখনৰ দায়িত্ব লোৱা সাত দিনীয়া কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্তঅভিজিত গগৈয়ে। মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ সমন্বয়ক ড° শ্ৰুতস্বিনী গগৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে মৰাণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অসীমাভ দত্তই।

মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈ সৰ্বোদয় গাওঁ পঞ্চায়তৰ সভাপতি চন্দ্ৰ চুতীয়াক ধৰি অঞ্চলটোৰ বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।