পুনৰ বকোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল অসম সন্তান শৰীৰ চৰ্চাবিদ বকোৰ গোলাপ ৰাভাই। 

মুম্বাইৰ বম্বে প্ৰদৰ্শনী কেন্দ্ৰত ২৮, ২৯ আৰু ৩০ অক্টোবৰত অনুষ্ঠিত আই এইচ এফ এফ এমেচাৰ অলিম্পিয়া ২০২২ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰে গোলাপ ৰাভাই।

পুৰুষৰ শৰীৰ চৰ্চাত চতুৰ্থ স্থানেৰে খিতাপ অৰ্জন কৰে শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই। অসমৰ পাঁচগৰাকী শৰীৰ চৰ্চাবিদে মিষ্টাৰ এমেচাৰ অলিম্পিয়া ২০২২ ত অংশ গ্ৰহণ কৰিছিল।

ইয়াৰে পাঁচগৰাকী শৰীৰ চৰ্চাবিদৰ ভিতৰত গোলাপ ৰাভাৰ লগতে তিনিচুকীয়াৰ সংগীতা শইকীয়া বৰকাকতিয়ে মহিলাৰ শাৰীৰিক শ্ৰেণীত চতুৰ্থ স্থান দখল কৰি মিচেছ এমেচাৰ অলিম্পিয়া ২০২২ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।