আজি ষট পূজা । হিন্দু ধৰ্মৰ প্ৰথা অনুসৰি সূৰ্য দেৱতাক প্ৰণাম , পূজা অৰ্চনা নিমিত্তে ভাৰতীয় সভ্যতাত উদযাপিত হৈ আহিছে ষট পূজা । আজি সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাতো উলহ-মালহেৰে ষট পূজা পালন কৰা হয় । ষট পূজা উপলক্ষে ঢকুৱাখনাত থকা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় ৷ 

ষট পূজাৰ লগত সংগতি ৰাখি আজি বিয়লিৰ ভাগত বিহাৰী সম্প্ৰদায়ৰ লোক সকলে ঢকুৱাখনা নগৰৰ গাতে লাগি থকা চাৰিকড়ীয়া নৈৰ পাৰত সূৰ্য পূজা কৰে ৷ এই পূজা পালন কৰাৰ বাবে ভক্তসকলে নতুন পাচিত নৈৱেদ্য লৈ অহা দেখা যায় । নৈৰ পাৰত পূজা সমাপন কৰি নৈবৰ্দ সমূহ লৈ ভক্তসকলে পুনৰ ঘৰলৈ ৰাওনা হয় ৷

 আনহাতে নিশা ১২ বজাৰ পিছত পুনৰ ভক্তসকলে নৈৰ পাৰলৈ আহি পূজা অৰ্চনা কৰিব । উল্লেখযোগ্য যে কাইলৈ সূৰ্য উদয় হোৱাৰ পূৰ্বে এই পূজাৰ সামৰণি পৰিব । এতিয়া ঢকুৱাখনাত ষট পূজা প্ৰত্যক্ষ কৰাৰ বাবে চাৰিকড়ীয়া নৈৰ পাৰত বহু লোকৰ সমাগম হৈ ঠাইখিনি একপ্ৰকাৰ সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিগণিত হয় ৷

 

 ইয়াৰ উপৰি বিভিন্ন ধৰ্মাৱলম্বী লোকেও এই ষট পূজা উপভোগ কৰিবলৈ নৈৰ ঘাটত উপস্থিত হোৱা দেখা গৈছে । ষট পূজাৰ বাবে ঢকুৱাখনা আৰক্ষী প্ৰশাসনে চাৰিকড়ীয়া নৈৰ পাৰত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ৷