‘কা’বিৰোধী আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত শ্বহীদ হোৱা ছেম ষ্টেফৰ্ডৰ হত্যাকাৰী চিনাক্ত নহ’ল৷ ছেমৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত বৰ্তমানৰ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙক তথ্য প্ৰমাণৰ অভাৱত দোষমুক্ত ঘোষণা কৰিছে আদালতে৷ অৱশ্যে, শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিছে কামৰূপ জিপি সিঙক দোষমুক্ত ঘোষণা মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে৷

অসম চৰকাৰে সদনৰ মজিয়াত দুষ্কৃতিকাৰী বুলি আখ্যা দিয়া ‘কা’বিৰোধী আন্দোলনত শ্বহীদ ১৭ বছৰীয়া ছেম ষ্টেফৰ্ডৰ মৃত্যুৰ বাবে পলমকৈ হ’লেও আদালতে ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে লগতে হাতীগাঁও থানাত ৰুজু হোৱা ৯৪৮/২০১৯ নম্বৰৰ গোচৰৰ প্ৰতিবেদন দাখিল কৰিবলৈও তদন্তকাৰী আৰক্ষীক নিৰ্দেশ দিছে৷ উল্লেখ্য, ‘কা’বিৰোধী আন্দোলনৰ সময়ত আছুৰ আহ্বানত চানমাৰিত অনুষ্ঠিত প্ৰতিবাদী সভাত অংশ লৈ ঘৰলৈ ঘূৰি যোৱাৰ সময়তে ২০১৯ চনৰ ১২ ডিচেম্বৰৰ সন্ধিয়া আৰক্ষীৰ গুলীত হাতীগাঁও থানাৰ সমীপত মৃত্যুক সাৱটিছিল ছেম ষ্টেফৰ্ডে৷

এই ঘটনাৰ সন্দৰ্ভত ছেমৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ লগতে প্ৰবীণ মহন্ত নামৰ এজন অধিবক্তাই হত্যাকাণ্ডত সেই সময়ত অসম আৰক্ষীৰ আইন শৃংখলাৰ দায়িত্বত থকা এডিজিপি জি পি সিং জড়িত বুলিও গোচৰ ৰুজু কৰিছিল৷ কিন্তু তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত আইপিএছ বিষয়া জি পি সিং ছেম হত্যাকাণ্ডত জড়িত থকাৰ কোনো তথ্য-প্ৰমাণ পোৱা নগ’ল বুলিহে উল্লেখ কৰে৷ অৰ্থাৎ ছেম হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত বৰ্তমানৰ আইন শৃংখলাৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙক দোষমুক্ত ঘোষণা কৰা হয়৷ আনকি আদালতে ছেমৰ হত্যাকাৰী চিনাক্ত নহ’ল বুলিও উল্লেখ কৰিছে৷

ইফালে, ছেম হত্যাকাণ্ডৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰুজু কৰা চি আৰ ৪৩৩৯/২২ নম্বৰৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি শনিবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ এ কে বৰুৱাৰ আদালতে বৰ্তমানলৈ হত্যাকাৰী চিনাক্ত নোহোৱাত ভুক্তভোগীজনৰ পৰিয়ালৰ আৰ্থিক দিশৰ প্ৰতি লক্ষ্য ৰাখি জিলা আইন সেৱা প্ৰাধিকাৰীক অসম ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত দণ্ডবিধিৰ ধাৰা ৩৫৭(এ) মৰ্মে ছেমৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে৷ আদালতে লগতে একেধৰণৰ অপৰাধত হাতীগাঁও থানাত ৰুজু হোৱা ৯৪৮/২০১৯ নম্বৰৰ গোচৰটোৰ সন্দৰ্ভত তদন্তকাৰী আৰক্ষীক ৩ নৱেম্বৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে৷