কৰ্তব্যত গাফিলতিৰ অভিযোগত ৰাজ্যৰ এজন আৰক্ষী বিষয়াক নিলম্বন কৰা হৈছে।

চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হৈছে।

আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিলম্বন কৰে ভাৰপ্ৰাপ্ত বিষয়া শৰৎ শইকীয়াক।

জানিব পৰা মতে শনিবাৰে থানাখনৰ অন্তৰ্গত জাপিধৰাত এগৰাকী ছাত্ৰীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। 

দুৰ্বৃত্তই ছাত্ৰীক আক্ৰমণ কৰি ঘৰৰ পিছফালে পেলাই থৈ গৈছিল ।

ঘটনাটোৰ তদন্ত কৰাত আৰক্ষী বিষয়াজনে গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ঘটনাৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চৰাইদেউ জিলা আৰক্ষীয়ে ৪ জন যুৱকক আটক কৰিছে।