সোণাৰিত অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক আৰম্ভ। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ বৈঠক।
বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় অতুল বৰা, বিমল বড়া, সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচু, পাংপু ৱাংনামৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী, ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙ আৰু ১১ অক্টোবৰত সোণাৰিত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।