আঞ্চলিকতাবাদ ধ্বংসৰ ষড়যন্ত্ৰত নামিছে বিজেপি দল

বিজেপিৰ প্ৰধান লক্ষ্য হৈছে এক দেশ এক দল: গৌৰৱ গগৈ।

দেওবাৰে গোলাঘাটত এক অনুস্থানত অংশগ্ৰহণ কৰি পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে বিজেপি দলক কঠোৰ সমালোচনা কৰি অভিযোগ কৰে যে, বিজেপিয়ে দেশত আঞ্চলিকতাবাদ ধ্বংসৰ বাবে গভীৰ ষড়যন্ত্ৰত নামিছে। "এক দেশ এক দল" নীতিৰে বিজেপিয়ে মিত্ৰতাৰ চলেৰে প্ৰতিখন ৰাজ্যৰ পৰা আঞ্চলিকতাবাদ মষিমূৰ কৰাৰ অভিসন্ধি ৰচনা কৰিছে। অসমতো বিজেপিৰ হাতোৰাত বন্দী হৈ এদিন অস্তিত্বৰ সংকটত পৰিব অসম গণ পৰিষদ দল।

ইফালে বিজেপি দলৰ হেঁচাত নতশিৰ কৰি একাংশ সংবাদ মাধ্যমে কংগ্ৰেছৰ ভাৰত জৰৌ যাত্ৰাৰ খবৰ সম্প্ৰচাৰ নকৰা বুলিও গুৰুতৰ অভিযোগ কৰে গৌৰৱ গগৈয়ে। দেওবাৰে গৌৰৱ গগৈৰ ফেনচ ক্লাৱৰ উদ্যোগত এখন "ড্ৰাগছমুক্ত অসম গঢ়ো আহক" শ্ল’গানেৰে গোলাঘাটৰ তেতেলীতলৰ পৰা গোলাঘাট নগৰৰ মাজমজিয়ালৈকে সামূহিকভাৱে মাৰাথনত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে৷

বৰ্তমান একাংশ নৱপ্ৰজন্ম ভয়াবহ ড্ৰাগছৰ কৱলত পৰি জীৱন ধ্বংস হোৱাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে এটা সুষ্ঠ শৰীৰ তথা স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ সকলোকে আহ্বান জনাই। প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ফেনচ ক্লাৱৰ সদস্যই অংশগ্ৰহণ কৰা মাৰাথানৰ জড়িয়তে সাংসদগৰাকীয়ে এক বিশেষ বাৰ্তা দিবলৈ যত্ন কৰে।