ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ আৰক্ষীয়ে দেওবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্ত এলেকাৰ এটা বনাঞ্চলৰ পৰা বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে।

আৰক্ষীৰ মতে, জিলাখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বনাঞ্চলত মাটিৰ তলত লুকুৱাই থোৱা তিনিটা এ কে-৪৭ ৰাইফল, ৬টা মেগজিন আৰু ৬২০টা সজীৱ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। 

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে পুৱাৰ ভাগত মাজবাটৰ শিকাৰিগাংগা অঞ্চলত তালাচী অভিযান আৰম্ভ কৰা হয়। এই সময়তে উদ্ধাৰ হয় এই বৃহত পৰিমাণৰ অস্ত্ৰখিনি জব্দ হয়।

মাজবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোহাঁই, লালপানী আৰক্ষী আউটপোষ্টৰ এছ আই কৈলাশ চন্দ্ৰ নাথ আৰু মাজবাট এ পি আৰ জি দলৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল। 

এই সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। কিন্তু এই বৃহত পৰিমাণৰ অস্ত্ৰ কোনে লুকুৱাই ৰাখিছে সেয়া জানিব পৰা হোৱা নাই।