ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি চি আৰ পি এফ ১৪২ বেতেলিয়ান উদ্যোগত গোলাঘাটৰ পৰা মেৰাপনী লৈকে বাইক ৰেলী
ব্ৰিটিছ চৰকাৰৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত বৰ্তমানৰ ভাৰত বৰ্ষক এখন গনতান্ত্ৰিক দেশ হিচাপে গঢ়াত বলিষ্ঠ নেতৃত্ব বহন কৰা দেশৰ প্ৰথগৰাকী গৃহমন্ত্ৰী লোহ পুৰুষ চৰদাৰ ব্ল্লভ ভাই পেটেলেৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস।
আজি সমগ্ৰ দেশৰ লগতে গোলাঘাটৰ জোনাকী নগৰত অৱস্থিত চি আৰ পি এফ ১৪২ বেটেলিয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাটৰ পৰা মেৰাপাণী লৈকে এখন বাইক ৰেলী উলিওৱা হয় । এই বাইক ৰেলি উদ্বোধনী অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি ফ্লেগ অফ কৰে সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। লগতে চি আৰ পি এফ ১৪২ ৰ এই কাৰ্যসূচীয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিব বুলি মন্তব্য কৰে আৰু আইন শৃংখলা বজাই ৰখাৰ লগতে বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ন কৰি অহা বাবে শলাগ লয়।